গোলাঘাট: চিকিৎসালয়ত চিকিৎসাধীন মাতৃক নিশাৰ আহাৰ যোগান ধৰিবলৈ যাওতে গোলাঘাটত পথ দুৰ্ঘটনাত পুত্ৰ আৰু বোৱাৰীৰ মৃত্য়ু । এই দুৰ্ঘটনাটো পুলিবৰত সংঘটিত হৈছে । বান সাহাৰ্য আগবঢ়াই ঘূৰি অহা ট্ৰাকৰ খুন্দাত প্ৰীতম ৰাজপুত আৰু দীপা ৰাজপুতৰ থিতাতেই মৃত্য়ু হয় ।
ভুলিকিটিং অঞ্চলৰ পৰা এখন বাইকেৰে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ থকা মাতৃক নিশাৰ আহাৰ দিবলৈ আহোতে পথদুৰ্ঘটনাটো সংঘটিত হয় । নিশা এএছ০৫এক্স ৭৮৩০ নম্বৰৰ মটৰচাইকেলৰে গোলাঘাটৰ দিশে আহি থকা প্ৰীতম ৰাজপুত আৰু পত্নী দীপা ৰাজপুতক একে দিশৰ পৰা আহি থকা অৱস্থাত এএছ০৫ এচি ৮০৮৬ নম্বৰৰ ট্ৰাকখনে খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয় ।
এই পথ দুৰ্ঘটনা সম্পৰ্কে এজন স্থানীয় যুৱকে কয়, "মই নিশাৰ আহাৰ প্ৰস্তুত কৰিবলৈ লওতে এটা প্ৰচণ্ড শব্দ শুনা পাও আৰু ওলাই আহি দেখা পাও যে এই বাহনে খুন্দা মাৰি গোলাঘাট দিশে গুচি গৈছে আৰু পথৰ ওপৰত এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মৃতদেহ পৰি আছে ।"
লগতে পঢ়ক:বেতকুছিত ভয়ংকৰ দুৰ্ঘটনা, দুজনৰ মৃত্যু
পাহাৰৰ পৰা শিল খহি পৰিল চলন্ত গাড়ীৰ ওপৰত; হতাহত কমেও ১৫