Surprise Me!

জৰাজীৰ্ণ পথ মেৰামতিত চৰকাৰৰ অৱহেলা, মাছ মাৰি ৰাইজৰ প্ৰতিবাদ

2026-08-03 0 Dailymotion

জনীয়া : এটা পথৰ বাবে যমৰ যান্ত্ৰনা ভুগিছে কলগাছিয়াৰ ৰাইজে । বাৰিষা হওক, খৰালি হওক সকলো সময়তে পথটোত থাকে পানী । বৰষুণ দিলেই পুখুৰীৰ ৰূপ লয় মন্দিয়া সমষ্টিৰ অন্তৰ্গত ৰামপুৰ গাঁৱৰ লোক নিৰ্মাণ বিভাগৰ পথটো । 

পথটোৰ মাজত সৃষ্টি হোৱা বৃহৎ গাঁতৰ বাবে ইতিমধ্যে বহু দুৰ্ঘটনা সংঘটিত হৈ গৈছে । প্ৰতিদিনে হাজাৰ হাজাৰ সৰু-বৰ বাহন পথটোৰে চলাচল কৰে । বাংকাভাঙা গাঁৱৰ পৰা ৰামপুৰ বজাৰ সংযোগ কৰা এই গুৰুত্বপূৰ্ণ পথটোৰে নিতৌ শ শ শিক্ষাৰ্থী তথা সাধাৰণ নাগৰিক পাৰ হয় ।

কিন্তু বহু বছৰ ধৰি পথৰ এই দুৰৱস্থাৰ বাবে অতি বিপদসংকুল যাত্ৰা কৰিবলগীয়া হয় । চৰকাৰ তথা প্ৰশাসনক বহুবাৰ পথটো মেৰামতি কৰিবলৈ কোৱাৰ পিছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাত অৱশেষত ওলাই আহিল স্থানীয় ৰাইজ । হাতে হাতে জাল আৰু মাছ ধৰা সঁজুলি লৈ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে । চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি পথটোতে জাল মাৰিলে ৰাইজে ।

একাংশ প্ৰতিবাদকাৰীয়ে কয়, "বহু বছৰ ধৰি পথটো এনেকৈয়ে আছে । অলপ বৰষুণ দিলেই পথটো পুখুৰীত পৰিণত হয় । শিক্ষাৰ্থী বা এম্বুলেন্সতো দূৰৰ কথা সাধাৰণ মানুহ চলাচল কৰিবলৈ অসুবিধা হৈ পৰিছে । বিধায়ক শ্বেৰমান আলী আহমেদক শীঘ্ৰে পথটো মেৰামতি কৰি দিবলৈ আমি দাবী জনাইছোঁ ।"

লগতে পঢ়ক :

ৰাতি হ’লেই ওলাই হাতী, হাতৰ মুঠিত প্ৰাণটো লৈ দিন কটাইছে ডিমৰীয়াৰ বহুলোকে