Surprise Me!

মঙলদৈৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই

2026-08-10 1 Dailymotion

মঙলদৈ: সোমবাৰে মঙলদৈৰ বেঙাবৰাৰ নোৱা নৈয়ে ছিঙা মথাউৰিৰ অংশ পৰিদৰ্শন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ লগতে ঔতলা পঞ্চায়ত এলেকাৰ বেঙাবৰা, মঠঙা, অহকা গাঁৱৰ বানপীড়িত সকলৰ দুখ দুদৰ্শাৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে।

এই সন্দৰ্ভত মন্ত্ৰী বৰুৱাই কয়,"কেইদিন মানৰ পূৰ্বে মথাউৰিটো বানে ছিঙি নিয়াত ৰাইজ যথেষ্ট শংকিত হৈ আছে আৰু যথেষ্ট পৰিমাণে ক্ষতি হৈছে । ক্ষতিগ্ৰস্ত লোকক চৰকাৰৰ তৰফৰ পৰা সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰা হৈছে । এতিয়া পুনৰ সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰিব লাগিব ।"

তেওঁ লগতে কয়,"মথাউৰিটোৰ প্ৰায় ২৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাম হৈ আছে ৷ বাৰিষাৰ কাৰণে দহ কিলোমিটাৰ কাম ৰৈ আছে । বাকী থকা দহ কিলোমিটাৰতে এই অঘটনটো ঘটিল । ৰাইজে গোটেই মথাউৰিটো সিটো পাৰৰ মথাউৰি টোৰ নিচিনাকৈ মথাউৰিৰ লগতে ৰাস্তা কৰাৰ কথা কৈছে । পুনৰ সংস্থাপনৰ বাবে চৰকাৰী নিয়ম অনুসৰি ব্যৱস্থা কৰি ক্ষতি পূৰণ দিয়া হ'ব । প্ৰয়োজনত নিয়ম ভংগ কৰিও সহায় কৰা হ'ব বন্যাৰ্তক ।"

লগতে পঢ়ক:ধনশিৰি নদীৰ বাঢ়নী পানীয়ে বুৰাইছে খুমটাইৰ ন ন অঞ্চল, আশ্ৰয় শিবিৰত বন্যাৰ্ত