Surprise Me!

বানে বিধ্বস্ত কৰা ৰাইজে কেনেকৈ উদযাপন কৰিব স্বাধীনতা দিৱস ?

2026-08-14 2 Dailymotion

ডিব্ৰুগড়: ৮০ সংখ্যক স্বাধীনতা দিৱস অনুষ্ঠিত কৰিবলৈ দেশজুৰি ব্যাপক প্ৰস্তুতি চলিছে । কিন্তু এইবাৰ নাগালেণ্ডত হোৱা বৰষুণৰ পানীয়ে উজনিত মহাপ্ৰলয় সৃষ্টি কৰাৰ পাছত বানে বিধ্বস্ত কৰা ৰাইজে কেনেকৈ উদযাপন কৰিব স্বাধীনতা দিৱস ? 

বান বিধ্বস্ত ঐতিহাসিক চৰাইদেউ জিলাত এইবাৰ জাকজমকতাৰ পৰিৱৰ্তে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস অনুষ্টুপীয়াকৈহে পালন কৰা হ'ব ।

বানে বিধ্বস্ত কৰি থৈ যোৱা চৰাইদেউ জিলাৰ মাহমৰা আৰু সোণাৰি সমষ্টিৰ অন্তৰ্গত বহু অঞ্চললৈ এতিয়াও স্বাভাৱিক অৱস্থা ঘূৰি অহা নাই । ইয়াৰ পৰিপ্ৰেক্ষিতত জিলাখনত স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুষ্টুপীয়াকৈ পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । 

মৰাণত চৰাইদেউ জিলা ভিত্তিত অনুষ্ঠিত কৰা ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰি মাহমৰা সমষ্টিৰ বিধায়ক সুৰুয দিহিঙীয়াই এই বিষয়ে অৱগত কৰে ।  

বিধায়ক সুৰুজ দিহিঙীয়াই কয়,"চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আজি ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত কৰিছোঁ । এই ত্ৰিৰংগা যাত্ৰাৰ জড়িয়তে স্বাধীনতা যুঁজাৰুসকলক যিসকলৰ ত্যাগ আৰু বলিদানৰ বাবে ভাৰত স্বাধীন হ'ল তেওঁলোকক আজি ইয়াৰ পৰাই শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ । চৰাইদেউ জিলাৰ ৪০% বানত ক্ষতিগ্ৰস্ত হৈছে । তথাপি ৮০ সংখ্যক স্বাধীনতা দিৱস যিহেতু অনুষ্ঠিত কৰিবই লাগিব তাৰ বাবে জিলা প্ৰশাসনে অনুষ্টুপীয়াকৈ পালন কৰিবলৈ প্ৰস্তুতি চলাইছে । কিন্তু পূৰ্বৰ দৰে নহয় এইবাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী ।"

লগতে পঢ়ক: সময়ত আহি নাপালে এম্বুলেঞ্চ ! অগ্নিকাণ্ডত মহিলাৰ মৃত্য়ু - ইটিভি ভাৰত অসম

হৰ ঘৰ ত্ৰিৰংগা, নগাঁও জিলা প্ৰশাসনে উলিয়ালে বাইক ৰেলী - ইটিভি ভাৰত অসম