নাজিৰা : ১৯ জুলাইৰ ভয়াৱহ বানে বৃহত্তৰ নাজিৰা অঞ্চল ধ্বংস কৰি থৈ যোৱাৰ পাছতে অসমৰ ৰাইজৰ লগতে বিভিন্ন ৰাজ্যৰ মানৱ দৰদী লোকে সহায় কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিছে । ইয়াৰ মাজতে বিশেষ চৰ্চাত আছে কণ্ঠশিল্পী দীপলিনা ডেকা ।
বানবিধ্বস্ত পৰিয়ালক সহায় কৰিবৰ বাবে দিন-ৰাতি একাকাৰ কৰি বৃহত্তম নাজিৰা অঞ্চলত ঘূৰি ফুৰিছে কণ্ঠশিল্পীগৰাকী । বানৰ প্ৰকোপত ভাঙি তচনচ হৈ যোৱা, পলসে পুতি পেলোৱা ঘৰসমূহ পুনৰ নিৰ্মাণ কৰিবৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা বাঁহ-বেৰ যোগাৰ কৰি শিল্পীগৰাকীয়ে বানাক্ৰান্ত ৰাইজক সহায় কৰা পৰিলক্ষিত হৈছে ।
বানে বিধ্বস্ত কৰা বামুণ পুখুৰীত অভিনেত্ৰী দীপলিনা ডেকা উপস্থিত হৈ কয়, ‘‘বানত ৰাইজৰ যি কষ্ট তথা যিটো ক্ষতি হৈছে তাৰ তুলনাত আমাৰ একোৱে হোৱা নাই । কেৱল মই বুলিয়ে নহয় আমাৰ সৈতে এটা ডাঙৰ টীম লগ হৈ কাম কৰি আছে । ৰাইজৰ ক্ষতিগ্ৰস্ততাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰথম অৱস্থাত ১০০টা ঘৰ নিৰ্মাণ কৰা হ'ব । তাৰ পিছৰ পৰ্যায়ত বানাক্ৰান্ত লোকৰ জীৱিকাৰ ওপৰতো কাম কৰা হ'ব ।’’
উল্লেখ্য যে প্ৰখৰ ৰ'দ তথা বৰষুণক নেওচি অসমৰ ৰাইজে উঠি পৰি বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ অহা পৰিলক্ষিত হৈছে । বৰ্তমান সময়ত মানৱ সেৱাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে অসমৰ ৰাইজে । ইয়াৰ মাজতে কণ্ঠশিল্পী দীপলিনা ডেকাই লোৱা ব্যতিক্ৰমী প্ৰচেষ্টাক বানাক্ৰান্ত ৰাইজে আঁকোৱালি লৈছে ।
লগতে পঢ়ক : শ শ বিছনা, গাৰু, তুলি, ফিল্টাৰ লৈ বানাক্ৰান্তৰ কাষ পালেহি গ্ৰেট খালি