Surprise Me!

আহাৰমহীয়া বানত বুৰিল ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল

2026-06-21 9 Dailymotion

ধেমাজি: বছৰটোৰ আহাৰৰ আৰম্ভণিতে বানত বুৰিল ধেমাজি জিলাৰ দুটা ৰাজহচক্ৰ বিস্তীৰ্ণ অঞ্চল  ৷ যোৱা কেইবাদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত দেওবাৰে ধেমাজি জিলাৰ গোগামুখ ৰাজহচক্ৰ অধীনৰ গোগামুখ পঞ্চায়ত ২নং মইনাপাৰা, ৰংপুৰ বেতনি গাঁও, ভেবেলী পঞ্চায়ত, লতাক পঞ্চায়ত, মধ্যমিংমাং পঞ্চায়ত, ওখমাটি পঞ্চায়তৰ দহখনৰো অধিক গাঁও ন নদীৰ বাঢ়নী পানীৰ কবলত পৰিছে  ৷  

দেওবাৰে পুৱাই অঞ্চলটোৰ চৰকাৰী গাঁওবুঢ়াই আহি গোগামুখ ২নং মইনাপাৰা আৰু ৰংপুৰ বেতনি গাঁৱৰ বানাক্ৰান্ত ৰাইজৰ অৱস্থা বুজ লয় বুলি বানাক্ৰান্তই কয়  ৷ এইবছৰত তৃতীয়বাৰ বাবে হোৱা বাঢ়নী পানীয়ে ঘৰবাৰী, খেতিপথাৰৰ বিস্তৰ ক্ষতিসাধন কৰে  ৷ গাঁওখনৰ ৩৫টি পৰিয়াল বানত আক্ৰান্ত হৈছে  ৷ গোগামুখ দুই নং মইনাপাৰা গাঁৱৰ বানাক্ৰান্ত ৰাইজে জনোৱা মতে, ২০১২চনৰে পৰা বানৰ কবলত পৰি কৃষিকৰ্ম কৰিব পৰা নাই । বাৰিষা হ’লেই বানৰ কবলত পৰি আহিছে ৷

লগতে পঢ়ক:জোনাইত ডেপী নদীৰ খহনীয়াৰ ব্যাপক ৰূপ; নদীৰ বুকুত জাহ গ'ল ৮ পৰিয়ালৰ ঘৰ

জোনাইত ভয়াবহ বান পৰিস্থিতি, দিখাৰী নদীৰ পানীয়ে বুৰালে কেইবাখনো গাঁও