Surprise Me!

মৃদুমুদ্ৰাৰ মৃত্যুত শোকাস্তব্ধ গংগাপুৰ: কঠোৰ আইন প্ৰণয়ন কৰিবলৈ আহ্বান আছুৰ

2026-07-03 1 Dailymotion

নলবাৰী: অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে মৃদুমুদ্ৰা ডেকাই । প্ৰায় এমাহ গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত মৃত্য়ুৰ সৈতে যুঁজি শুকুৰবাৰে চিকিৎসাধীন অৱস্থাতেই শেষ নিশ্বাস ত্য়াগ কৰিলে মেধাবী ছাত্ৰীগৰাকীয়ে ।

মৃদুমুদ্ৰাৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে নলবাৰীৰ গংগাপুৰবাসী । ছাত্ৰীগৰাকীৰ বাসগৃহত এতিয়া কেৱল কান্দোনৰ ৰোল । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি স্থানীয় আছু নেতাই কয়, "এই ঘটনাই শেষ ঘটনা হওক । আজি আমি শোকাহত । ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলো যাতে মৃদুমুদ্ৰা পুনৰ আগৰ দৰে সুস্থ হৈ উঠে; কিন্তু আমাৰ প্ৰাৰ্থনা ভগৱানে নুশুনিলে । আমিও এজন সতীৰ্থক হেৰুৱালো এই বৰ্বৰ নৃশংস কাণ্ডত । চৰকাৰে ইয়াৰ ওপৰত এখন কঠোৰ আইন প্ৰণয়ন কৰক  যাতে আগলৈ আৰু এনে ঘটনাৰ পুনৰাবৃত্তি নঘটে ।"

এক বৰ্বৰ হত্যাকাণ্ডত মৃত্যুক আঁকোৱালি ল'লে মেধাৱী ছাত্ৰী মৃদুমুদ্ৰা ডেকাই । মৃদুমুদ্ৰাই দক্ষিণ পকোৱা বাঁহজনী মিলান হাইস্কুলৰ পৰা মেট্ৰিকত ডিষ্টিংচন পাবলৈ সক্ষম হৈছিল । তাৰ পিছতে বিজ্ঞান শাখাত অন্তৰ্ভুক্ত হৈছিল । যোৱা ৩১ মে'ত নলবাৰীৰ গংগাপুৰত মৃদুমুদ্ৰা ডেকা আৰু তেওঁৰ ভাতৃ আছু নেতা মাধুৰ্য বৰ্মন ধৰাশয়ী হৈছিল ৰ'জ আলী নামৰ এজন যুৱকৰ হাতত । এই ঘটনাত থিতাতে মৃত্যু হৈছিল আছু নেতা মাধুৰ্য বৰ্মনৰ । উক্ত ঘটনাত গুৰুতৰভাৱে আহত হৈছিল মৃদুমুদ্ৰা আৰু আজি এমাহৰ অধিক সময় চিকিৎসালয়ত মৃত্য়ুৰে যুঁজি পুৱা ৭:৩০ বজাত জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে ।

লগতে পঢ়ক:ৰ'জক মাৰিয়েই শান্ত হৈ বহি আছে আৰক্ষী, এই ঘটনাত আন কেবাটাও জড়িত আছে ! মৃদুমুদ্ৰাৰ আত্মীয়ৰ অভিযোগ

এমাহজোৰা যুদ্ধৰ অন্তত GMCH-ত মৃত্যু নলবাৰীত আক্ৰমণৰ বলি হোৱা মৃদুমুদ্ৰা ডেকাৰ