Surprise Me!

মৰণফান্দত পৰিণত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, প্ৰতিবাদৰ পাছতো জোনাইত গা-লৰা নাই বিভাগীয় বিষয়াৰ

2026-07-11 1 Dailymotion

জোনাই : ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথে এতিয়া জ্বলকলা খুওৱাইছে পথাচাৰীক ৷ কাৰণ চিলাপথাৰ চহৰৰ মাজেৰে যোৱা ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত য’তে ত’তে সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ ৷ ফলত দিনক দিনে বাঢ়িব ধৰিছে পথ দুৰ্ঘটনাৰ ৷ উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ আলং সংযোগী ঘাইপথচোৱাত এতিয়া ঠায়ে ঠায়ে পুখুৰী সদৃশ গাতৰ সৃষ্টি হৈছে আৰু ইফালে এজাক বৰষুণ দিলেই পানীৰে উপচি পৰে ৰাষ্ট্ৰীয় ঘাইপথচোৱা ৷

ৰাষ্ট্ৰীয় ঘাইপথচোৱা মেৰামতিৰা দাবী উত্থাপন কৰি দল সংগঠনৰ নেতৃত্বই কয়,"পথচোৱাৰে যাতায়ত কৰিব নোৱাৰা অৱস্থা ৷ অৰুণাচলৰ আলং সংযোগী পথচোৱা মেৰামতিৰ দাবীত প্ৰতিবাদ কৰি আজিলৈকে আমি সুফল নাপালো ৷ এটা বিভাগে আন এটা বিভাগলৈ ঠেলি দিয়ে ৷ এই পথৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে অহা-যোৱা কৰে, তাৰ পাছতো পথচোৱা মেৰামতি কৰিব লাগে বুলি ভৱা নাই ৷"

লগতে পঢ়ক: চলচ্চিত্ৰৰ প্ৰতি সচেতনতা বৃদ্ধিৰ লক্ষ্য: যোৰহাটত পঞ্চম ফিল্ম এপ্ৰিচিয়েশ্বন ক’ৰ্ছৰ সফল সামৰণি