Surprise Me!

গৃহস্থ নথকাৰ সুযোগতে চোৰৰ চাফাই অভিযান, তিনি লাখৰো অধিক মূল্যৰ সোণ-নগদ ধন লুট

2026-07-28 4 Dailymotion

সোণাপুৰ: মহানগৰীৰ সোণাপুৰ থানাৰ অন্তৰ্গত কুশল নগৰ নৱ পথত সোমবাৰে দিন-দুপৰতে সংঘটিত হয় এক চুৰিকাণ্ড ৷ ঘটনা অনুসৰি, কুশল নগৰৰ বাসিন্দা ৰুণু নাথ নামৰ মহিলাগৰাকীয়ে এজন সম্পৰ্কীয় লোকৰ স্বাস্থ্যৰ খবৰ ল'বলৈ সোণাপুৰ জিলা চিকিৎসালয়লৈ গৈছিল ৷ ঘৰত কোনো নথকাৰ সুযোগতে চোৰে ঘৰৰ মূল তলা ভাঙি প্ৰায় তিনি লক্ষাধিক টকাৰ সোণৰ অলংকাৰ আৰু নগদ ধন লুটি নিয়ে ৷

ঘটনা সন্দৰ্ভত ভুক্তভোগী ৰুণু নাথে সোণাপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে । ইফালে ভুক্তভোগী ৰুণু নাথে কয়,"পুৱা প্ৰায় ১০.৩০ বজাত এজন সম্পৰ্কীয় লোকৰ স্বাস্থ্যৰ খবৰ ল'বলৈ সোণাপুৰ জিলা চিকিৎসালয়লৈ গৈছিলো । তেতিয়াই ঘৰৰ মূল দুৱাৰৰ তলা ভাঙি সোণৰ অলংকাৰ লৈ যায় দুৰ্বৃত্তই ৷"

লগতে পঢ়ক:জাগীৰোডত অভিনয় কৰ্মশালাৰ সমাপ্তি: প্ৰশিক্ষাৰ্থীৰ হাতত মানপত্ৰ অৰ্পণ