ঢাকা (বাংলাদেশ) : আন্দামান সাগৰত ৰোহিংগীয়া শৰণাৰ্থী আৰু বাংলাদেশী নাগৰিক কঢ়িয়াই অনা এখন জাহাজ উটি যোৱাৰ ফলত শিশুসহ প্ৰায় ২৫০ জন লোক নিৰুদ্দেশ হোৱাৰ সন্দেহ কৰা হৈছে ৷ তেওঁলোকৰ সন্ধানত সম্প্ৰতি আন্দামান সাগৰত উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে ।
ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্ত চমুকৈ ইউএনএইচচিআৰ আৰু আন্তৰ্জাতিক প্ৰব্ৰজন সংস্থাই এক যৌথ বিবৃতি প্ৰকাশ কৰি বাঙালী নৱবৰ্ষ উদযাপনৰ সময়ত সংঘটিত হোৱা এই ঘটনাক লৈ গভীৰ দুখ প্ৰকাশ কৰে ।