Surprise Me!

ধেমাজিৰ বানপীড়িত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

2026-08-03 1 Dailymotion

ধেমাজি : হঠাৎ ওফন্দি উঠা ধেমাজিৰ জীয়াঢল নদীয়ে জয়ৰামপুৰ গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চল প্লাৱিত কৰিছে । কমলপুৰ-ধৰ্মপুৰ আৰু বালিচাপৰিত বিস্তীৰ্ণ অঞ্চল ক্ষতিসাধন হৈছে । 

ইতিমধ্যে এটা পৰিয়ালৰ ঘৰ নৈৰ বুকুত জাহ গৈছে । সোমবাৰে বানবিধ্বস্ত অঞ্চলটোত ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত হয় । মন্ত্ৰীগৰাকীয়ে অঞ্চলটো পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ অভাৱ অভিযোগৰো বুজ লয় ।

পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে কয়, "কমলপুৰৰ পৰা উজনিলৈকে যিটো কেচাঁ কাঠনি বুলি কয় তাত মথাউৰি নাছিল ৷ আগৰে পৰা নাই ৷ গতিকে ইয়াত এটা নতুন মথাউৰি বনোৱা পৰিকল্পনা কৰা হৈছিল ৷ যোৱা বছৰটোত নিৰ্বাচনো আহিল আমি খৰখেদাকৈ মথাউৰি নিৰ্মাণ কৰিব নোৱৰিলোঁ ৷" 

মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত জলসম্পদ বিভাগক পৰৱৰ্তী পদক্ষেপ ল'বলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে । মন্ত্ৰীগৰাকীয়ে জনোৱা মতে বানত যিটো পৰিয়ালৰ ঘৰ উটি গৈছে তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে । 

মনোজ কুমাৰ চুতীয়া নামৰ এজন স্থানীয় লোকে পৰিয়ালটোক ঘৰ নিৰ্মাণ কৰিবলৈ ৩ কঠা মাটি দান কৰা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :

ট্ৰেক্টৰত উঠি নেপালীখুঁটিত মুখ্যমন্ত্ৰী: বুজ ল'লে বানে নৰক কৰি থৈ যোৱা অঞ্চলটোৰ